• Home
  • Ask & Answer
  • শিক্ষকতাৰ আধুনিক দৃষ্টিভংগী: প্ৰশ্নোত্তৰৰ জৰিয়তে শৈক্ষিক চিন্তাধাৰা

শিক্ষকতাৰ আধুনিক দৃষ্টিভংগী: প্ৰশ্নোত্তৰৰ জৰিয়তে শৈক্ষিক চিন্তাধাৰা

saa_puhar

ড০ গীতাঞ্জলি বৰুৱা অধ্যক্ষ,
নৰ্থবেংক কলেজ


১ নং প্ৰশ্ন: আজিৰ ছাত্ৰই Google ত সকলো উত্তৰ পায়, তেন্তে আপোনাৰ ক্লাছত আহি তেওঁ কি পাব যিটো Google এ দিব নোৱাৰে?

উত্তৰ: Google-এ তথ্য দিব পাৰে, কিন্তু বুজাব নোৱাৰে যে সেই তথ্যটো কেতিয়া, কিয় আৰু কেনেকৈ প্ৰয়োগ কৰিব লাগে। মোৰ ক্লাছত ছাত্ৰজনে প্ৰশ্ন কৰিবলৈ, যুক্তি দেখুৱাবলৈ, ভুলৰ পৰা কেনেকৈ শিকিব লাগে, নিজৰ চিন্তা প্ৰকাশ কৰাৰ লগতে বাস্তৱ সমস্যা কিদৰে সমাধান কৰিব পাৰি তাক জানিব পাৰিব। Google-এ ‘What’ ৰ উত্তৰ দিব পাৰে, মোৰ ক্লাছৰ লক্ষ্য হ’ল ছাত্ৰক ‘Why’ আৰু ‘How’ ভাবিবলৈ শিকোৱা।

২ নং প্ৰশ্ন : আপোনাৰ চকুত এজন “ভাল ছাত্ৰ” মানে কি – বেছি নম্বৰ পোৱা জন, নে বেছি প্ৰশ্ন সোধা জন?

উত্তৰ: মোৰ দৃষ্টিত, ভাল ছাত্ৰ মানে কেৱল বেছি নম্বৰ পোৱাটোৱেই নহয়। ভাল ছাত্ৰ সেইজন, যিয়ে জানিবলৈ আগ্ৰহী হয়, নতুন কথা জানিবলৈ প্ৰশ্ন সোধে, বিষয়বস্তু বুজিবলৈ চেষ্টা কৰে, নিজৰ ভুলৰ পৰা শিকিবলৈ কুণ্ঠাবোধ নকৰে, নিয়মিত শ্ৰেণীকোঠাত উপস্থিত থাকে, শিক্ষকক সন্মান কৰে, সহপাঠীৰ সৈতে সহযোগিতা কৰে, মানৱীয় মূল্যবোধ থাকে আৰু শিকি অহা জ্ঞান বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে। প্ৰকৃত অৰ্থত ভাল ছাত্ৰ সেইজন, যিয়ে নম্বৰ পাবলৈ চেষ্টা কৰাৰ লগতে জ্ঞান, কৌতূহল, শৃংখলা আৰু চিন্তাশক্তিৰ বিকাশ ঘটায়।

৩ নং প্ৰশ্ন : আপুনি পঢ়োৱা বিষয়টোৰ পৰা আপুনি নিজে শেষৰবাৰ কেতিয়া কিবা নতুন শিকিছিল?

উত্তৰ: মই ভাবোঁ এজন শিক্ষকে কেতিয়াও “মই সকলো জানো” বুলি ভাবিব নালাগে। মই পঢ়োৱা বিষয়টোৰ পৰা শেষবাৰ নতুন কিবা শিকিছিলো যেতিয়া ছাত্ৰ এজনে মোক সোধা প্ৰশ্ন এটাৰ উত্তৰ কেৱল কিতাপৰ জ্ঞানৰ পৰা দিব পৰা নাছিলো। সেই প্ৰশ্নটোৱে মোক বিষয়টো আন এটা দৃষ্টিকোণৰ পৰা পুনৰ অধ্যয়ন কৰিবলৈ বাধ্য কৰাইছিল। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন সোধোঁতে বা কোনো বিষয়ক নিজৰ ধৰণে ব্যাখ্যা কৰোঁতে কেতিয়াবা এনে এটা দিশ ওলাই আহে, যিটো হয়তো আগতে সেইদৰে ভাবি চোৱা হোৱা নাছিল। মোৰ বাবে সেইটোৱেই শিক্ষকৰ আটাইতকৈ সুন্দৰ দিশ- ছাত্ৰক পঢ়ুৱাই থাকোঁতে শিক্ষকজনেও প্ৰতিদিনে নতুন কিবা শিকে। সেয়ে মই ক’ম- “মই যিদিনাই শিকোৱা বন্ধ কৰিম, হয়তো সেইদিনাই শিক্ষক হিচাপে মোৰ বিকাশো বন্ধ হৈ যাব।”

৪ নং প্ৰশ্ন : এজন ছাত্ৰই ফেইল কৰিলে আপুনি কাক দোষ দিয়ে – ছাত্ৰজনক, অভিভাৱকক, নে নিজকে?

উত্তৰ: শিক্ষক হিচাপে মোৰ দায়িত্ব হৈছে ছাত্ৰজনে ক’ত অসুবিধা পাইছে সেইটো চিনাক্ত কৰা আৰু তেওঁক উন্নতিৰ সুযোগ দিয়া। এজন ছাত্ৰই ফেইল কৰিলে মোৰ মনত প্ৰথমে এটা প্ৰশ্ন উদয় হ’ব-“মই বিষয়টো তেওঁৰ বুজিব পৰা ধৰণে পঢ়ুৱাব পাৰিলোঁনে নাই বাৰু? তাৰ পিছত আহিব ছাত্ৰজনৰ অধ্যয়নৰ অভ্যাস, শ্ৰেণীত উপস্থিতি, আগ্ৰহ আৰু ঘৰৰ পৰিৱেশ। কাৰণ এজন ছাত্ৰৰ ফলাফলৰ আঁৰত শিক্ষক, ছাত্ৰ আৰু অভিভাৱক- তিনিওটা পক্ষৰ যথেষ্ট ভূমিকা থাকে। তাৰ পিছত ছাত্ৰজন কিয় অকৃতকাৰ্য হ’ল সেইটো বুজি, পৰৱৰ্তী পৰীক্ষাত তেওঁক কেনেকৈ উন্নতি কৰাব পাৰি, সেই বিষয়টো গুৰুত্বসহকাৰে ল’ব লাগিব।

৫ নং প্ৰশ্ন : ২০৪৭ চনত যেতিয়া ভাৰত বিকশিত হ’ব, তেতিয়াৰ শিক্ষক কেনেকুৱা হ’ব লাগিব বুলি আপুনি ভাবে?

উত্তৰ: ২০৪৭ চনৰ বিকশিত ভাৰতৰ শিক্ষক কেৱল পাঠ্যপুথি পঢ়োৱা শিক্ষক নহ’ব, তেওঁ হ’ব লাগিব এজন mentor, innovator আৰু চিন্তাশীল পথপ্ৰদৰ্শক।কৃত্ৰিম বুদ্ধিমত্তাই তথ্য, উত্তৰ তথা শিকাৰ সমল মুহুৰ্ততে যোগান ধৰিব পাৰিব, কিন্তু কোনটো তথ্য বিশ্বাসযোগ্য, কেনেকৈ সঠিক প্ৰশ্ন সুধিব লাগে, যুক্তিৰে চিন্তা কৰিব লাগে, সমস্যা সমাধান কৰিব লাগে আৰু প্ৰযুক্তিক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব লাগে- সেইখিনি কিন্তু এজন শিক্ষকৰ পৰাই ছাত্ৰই লাভ কৰিব পাৰিব বুলি ভাবো। তেওঁ প্ৰতিজন ছাত্ৰৰ সামৰ্থ্য আৰু দুৰ্বলতা বুজি ব্যক্তিগতভাৱে আগবঢ়াই নিব পাৰিব লাগিব। মোৰ বিশ্বাস বিকশিত ভাৰত গঢ়িবলৈ উন্নত প্ৰযুক্তিৰ লগতে উন্নত চিন্তাধাৰা, সুন্দৰ মানসিকতা মনৰ মানুহো লাগিব, আৰু সেই মানুহ গঢ়াৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা নিশ্চয় গুৰুত্বপূৰ্ণ হব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top