
এই মাহৰ বিশেষ অতিথি সকল-
লুকুমা আইজনী
ঘগ্ৰাপাৰ, নলবাৰী
১/ জীৱনত যদি ভয় আছে ,কিহৰ প্ৰতি ভয় আছে ,যিয়ে প্ৰতিপল বাধা দিয়ে?
উত্তৰ: ভয় – বৰ শক্তিশালী, জটিল বহুতৰপীয়া আৰু বিমূৰ্ত আৱেগ। মোৰ জীৱনত জীৱনৰ প্ৰতিয়ে ভয় আছে, সময়ৰ প্ৰতিটো সৰু সৰু মুহূৰ্ত যাক আমি জীৱনৰ layout বুলি ধৰি লওঁ তাৰ প্ৰতি মোৰ ভয় আছে। আৰু আগন্তুক সময়, ঘটিবলগীয়া প্ৰতিটো ঘটনা পৰিঘটনা আদিৰ প্ৰতি মোৰ ভয় আছে, আৰু এই ভয়টোৱে মোক প্ৰতিপল বাধা দিয়ে।
২/ হাতত টকা-পইচা নথকাকৈ মানুহে মানুহৰ বাবে কি কি কাম কৰিব পাৰে?
উত্তৰ: হাতত টকা পইচা নথকাকৈ মানুহে কি কি কাম কৰিব পাৰে সেয়া বিচাৰি লোৱাৰ আগতে মানুহে এয়াও বুজিব লাগিব লাগিব যে মানুহৰ এনেকুৱা কিছুমান প্ৰয়োজন আছে যিবোৰ পইচাৰে কিনিব নোৱাৰি। পইচাৰে কিনিব নোৱাৰা প্ৰয়োজনবোৰ পূৰাব যাওঁতে মানুহবোৰ বিফল হয় কাৰণ সকলো পইচাৰেই কিনিব পাৰি বা দিব পাৰি বুলি এটা সবল ধাৰণা মানুহৰ মনত সোমাই আছে। সেয়া সলনি কৰাৰ সময় হ’ল।
মানুহে টকা পইচা নথকাকৈয়ে মানুহৰ মানসিক স্বাস্থ্যৰ যত্ন ল’ব পাৰে। ইজনে আনজনৰ ওচৰত উপস্থিত থাকিব পাৰে প্ৰয়োজনৰ সময়ত। মুঠতে মানুহবোৰৰ মানসিক স্থিতি ভালে থাকিবলৈ কিছু যত্নৰ প্ৰয়োজন হয় আৰু সেইবোৰ প্ৰায়ে টকা পইচাৰে কিনিব নোৱাৰি। মানুহে সেইখিনিৰ প্ৰতি সজাগ হ’বৰ হ’ল।
৩/ জীৱনত এনে ৫ টা কাম, যিকেইটাৰ বাবে আপুনি আপোনাক ধন্যবাদ দিব বিচাৰে?
উত্তৰ: মই মোক ধন্যবাদ দিব বিচাৰো কাৰণ—
১) প্ৰয়োজন হ’লে সঠিক মানুহৰ পৰা সহায় বিচাৰিব লাগে বুলি বুজি উঠি নিজক আগবঢ়াই নিছিলো।
২) কেতিয়াবা মই মোক বেয়া পালেও মোৰ ওচৰৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ বুলি নিজক কথা দিছিলো।
মোৰ হাতত পাঁচটা কাৰণ নাই যদিও এই দুটা মূল কাৰণ যাৰ বাবে মই মোৰ ওচৰত চিৰ কৃতজ্ঞ।
৪/ আমি আচলতে কাৰ বাবে জীয়াই থাকোঁ। নিজৰ বাবে, আনৰ বাবে?
উত্তৰ: আমি নিজৰ বাবেই জীয়াই থাকো কিন্তু আনৰ মতে বা আনে বিচৰা ধৰণেহে জীয়াই থাকো|
৫ /আপুনি আপোনাৰ লগত কিমান সৎ?
উত্তৰ: এই উত্তৰটো দিবলৈ কঠিন আৰু এয়া এয়া একান্ত ব্যক্তিগত কথা বুলি ভাৱো মই। গতিকে চমুকৈ মই ক’ব খুজিম যে মই মোৰ লগত ৬০% ই বা ৬০% হে সৎ।








